Assamese Abridged Explanation of the Quran
2:10 - 2:10

কাৰণ সিহঁতৰ অন্তৰত আছে সন্দেহ। ফলত আল্লাহে সিহঁতৰ সন্দেহ আৰু বৃদ্ধি কৰি দিছে। কিয়নো প্ৰতিদান কৰ্মৰ অনুৰূপ বস্তুৰে দিয়া হয়। সিহঁতক জাহান্নামৰ আটাইতকৈ নিম্ন স্থানত নিক্ষেপ কৰি কষ্টদায়ক শাস্তি দিয়া হব। কিয়নো সিহঁতে আল্লাহৰ লগত আৰু মনুহৰ লগত মিছা কৈছিল (মুমিন বুলি বহিঃপ্ৰকাশ কৰিছিল কিন্তু সিহঁত ঈমান অনা নাছিল)। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা জীৱন ব্যৱস্থাকো অস্বীকাৰ কৰিছিল।