Assamese Abridged Explanation of the Quran
2:59 - 2:59

কিন্তু অন্যায়কাৰী বিলাকে কথা আৰু কৰ্ম দুয়োটা পৰিবৰ্তন কৰিলে। আৰু নিজৰ নিতম্ব চোঁচোৰাই প্ৰৱেশ কৰিলে আৰু আল্লাহৰ আদেশ উপলুঙা কৰি এই বাক্য দোহাৰিলে, হাব্বাতুন ফি শ্বাৰাতিন। ফলত আল্লাহে সেইসকল অন্যায়কাৰীৰ ওপৰত চৰীয়তৰ সীমালংঘন আৰু আদেশ অৱহেলা কৰাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলে।