Assamese Abridged Explanation of the Quran
2:63 - 2:63

আল্লাহ তথা তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ সেই মজবুত প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰা যিটো আমি তোমালোকৰ পৰা লৈছিলো। লগতে ভয় দেখুৱাবলৈ তথা অঙ্গীকাৰ ভঙ্গ কৰাৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো আৰু আদেশ দিছিলো যে, আমি অৱতীৰ্ণ কৰা পুথি তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। সেই বিষয়ে কোনো ধৰণৰ অলসতা আৰু অৱহেলা নকৰিবা আৰু লিপিবদ্ধ কৰা বাণীসমূহক মনত ৰাখিবা আৰু গৱেষণা কৰিবা। সম্ভৱত এনে কৰিলে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবা।