Assamese Abridged Explanation of the Quran
2:70 - 2:70

সিহঁতে ধৃষ্টতাত আৰু এখোজ আগুৱাই গৈ কলেঃ তুমি তোমাৰ প্ৰতিপালকক আমাৰ হৈ দুআ কৰা, তেওঁ যাতে আৰু অধিক কিছুমান বৈশিষ্ট্য আমাৰ বাবে উল্লেখ কৰে। কিয়নো এতিয়া লৈকে উল্লেখ কৰা বৈশিষ্ট্যৰ অধিকাৰী গাই বহুত, ইয়াৰ মাজত নিৰ্দিষ্টি কৰা আমাৰ বাবে কঠিন। লগতে সিহঁতে এই কথাও স্পষ্ট কৰিলে যে, যদি আল্লাহে ইচ্ছা কৰে তেন্তে নিশ্চয় আমি সেইজনী গাই পাম যিটো জবেহ কৰিবলৈ আল্লাহে আমাক নিৰ্দেশ দিছে।