Assamese Abridged Explanation of the Quran
2:75 - 2:75

হে মুমিনসকল! তোমালোকে ইয়াহুদীসকলৰ প্ৰকৃতস্বৰূপ আৰু সিহঁতৰ ধৃষ্টতা ও অবাধ্যতা সম্পৰ্কে অৱগত হোৱাৰ পিছতো এই আশা পোষণ কৰা নেকি যে, সিহঁতে ঈমান পোষণ কৰিব আৰু তোমালোকৰ কথা মানি চলিব? অথচ সিহঁতৰ ধৰ্মগুৰু সকলৰ এটা দলে, আল্লাহে অৱতীৰ্ণ কৰা পুথি তাওৰাতৰ বাণীসমূহ শুনিছিল আৰু সেয়া বুজি পোৱাৰ পিছতো তাৰ শব্দ আৰু অৰ্থ বিকৃত কৰিছিল। যদিও সিহঁত এই অপৰাধৰ ভয়াৱহতা সম্পৰ্কে অৱগত আছিল।