যেতিয়া এই ইয়াহুদীসকলক কোৱা হয় যে, ‘সেই সত্য আৰু হিদায়তৰ প্ৰতি ঈমান পোষণ কৰা যিটো আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে’। তেতিয়া সিহঁতে কয়ঃ ‘আমি সেইটোৰ প্ৰতি ঈমান পোষণ কৰো যিটো আমাৰ নবীৰ প্ৰতি অৱতীৰ্ণ হৈছে’। এইদৰে সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰে। অথচ এই কোৰআন সত্য হোৱাৰ লগতে সেই সমূহ পুথিৰো সত্যায়ন কৰে যিবোৰ সিহঁতে ইতিপূৰ্বে আল্লাহৰ পৰা পাইছে। দৰাচলতে সিহঁতে যদি পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি ঈমান পোষণ কৰা হলেহেঁতেন তেন্তে নিশ্চয় কোৰআনৰ প্ৰতিও ঈমান আনিলেহেঁতেন! হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে পূৰ্বৱৰ্তী নবীসকলে লৈ অহা সত্যৰ প্ৰতি সঁচাকৈয়ে ঈমান পোষণ কৰিছিলা, তেন্তে কোৱাচোন, তোমালোকে আল্লাহৰ নবীসকলক কিয় অন্যায়ভাৱে হত্যা কৰিছিলা?