Assamese Abridged Explanation of the Quran
2:94 - 2:94

হে নবী! আপুনি কৈ দিয়ক, হে ইয়াহুদীসকল! যদি আখিৰাতত জান্নাত কেৱল তোমালোকৰ বাবেই সংৰক্ষিত আৰু তাত তোমালোকৰ বাহিৰে আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব তেতিয়াহলে তোমালোকে মৃত্যু কামনা কৰা, যাতে অতিসোনকালে তোমালোকে তাত প্ৰৱেশ কৰিব পাৰা লগতে পাৰ্থিৱ জীৱনৰ অসুবিধা আৰু চিন্তাৰ পৰাও সকাহ পোৱা। যদি তোমালোকৰ এই কথা সত্য তেন্তে মৃত্যু কামনা কৰা।