Assamese Abridged Explanation of the Quran
2:116 - 2:116

ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কয়ঃ আল্লাহৰ সন্তান আছে। অথচ আল্লাহ ইয়াৰ পৰা অতি পৱিত্ৰ। তেওঁ নিজ সৃষ্টিৰ পৰা অমুখাপেক্ষী। সন্তান তাক লাগে, যাক ইয়াৰ প্ৰয়োজন। অথচ আল্লাহ আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰে মালিক। সকলো সৃষ্টি তেওঁৰ অধীনত আৰু সকলোৱে তেওঁৰ সন্মুখতে শিৰ নত কৰে। তেওঁ যেনেকৈ ইচ্ছা সেইদৰেই পৰিচালনা কৰে।