Assamese Abridged Explanation of the Quran
2:160 - 2:160

আনহাতে যিয়ে এই স্পষ্ট নিদৰ্শনসমূহ গোপন কৰাৰ কাৰণে অনুতপ্ত হৈ আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লগতে নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ কৰ্মসমূহ শুধৰাই লব লগতে এই কথাও স্পষ্ট কৰিব যে, সি কি কি সত্য আৰু হিদায়ত গোপন কৰিছিল তেন্তে মই মোৰ আনুগত্যত সিহঁতৰ এই প্ৰত্যাৱৰ্তন স্বীকাৰ কৰিম। কিয়নো মই মোৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰো আৰু সিহঁতৰ প্ৰতি দয়া কৰোঁ।