Assamese Abridged Explanation of the Quran
2:161 - 2:161

নিশ্চয় যিসকলে কুফৰ কৰিছে আৰু তাওবা নকৰাকৈ কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। লগতে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে আৰু সকলো ফিৰিস্তা তথা সকলো মানুহে সিহঁতৰ বাবে আল্লাহৰ ৰহমতৰ পৰা দূৰত্বৰ বদ দুআ কৰে।