Assamese Abridged Explanation of the Quran
2:180 - 2:180

যেতিয়া তোমালোকৰ কাৰোবাৰ মৃ্ত্যুৰ লক্ষণ তথা কাৰণ দেখা দিয়ে আৰু যদি তাৰ বহুত সম্পত্তি থাকে তেন্তে তাৰ ওপৰত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বাবে চৰীয়ত অনুযায়ী অৰ্থাৎ এক তৃতীয়াংশ সম্পদ অছিয়ত কৰা জৰুৰী। এয়া এক অনিবাৰ্য কৰ্ম, সেইসকল লোকৰ বাবে যিসকলে আল্লাহক ভয় কৰে। জানি থোৱা উচিত যে, এই আদেশ মিৰাছ (উত্তৰাধিকাৰী) সম্পৰ্কীয় আয়াত অৱতীৰ্ণ হোৱাৰ পূৰ্বৰ আদেশ। কিন্তু মিৰাছৰ আয়াত অৱতীৰ্ণ হোৱাৰ পিছত এই কথা স্পষ্ট হৈছে যে, মৃত ব্যক্তিৰ ওৱাৰিছ কোন কোন হব আৰু কিমান অংশ পাব।