Assamese Abridged Explanation of the Quran
2:219 - 2:219

হে নবী! আপোনাৰ সঙ্গী-সাৰথীসকলে মাদক দ্ৰৱ্য ( প্ৰত্যেক সেই বস্তু যিটো সেৱন কৰিলে বা খালে বুদ্ধিমত্তা কাম নকৰা হৈ যায়) সম্পৰ্কে আপোনাক প্ৰশ্ন কৰে। দৰাচলতে সিহঁতে এইবোৰ সেৱন কৰা আৰু কিনা-বেচা সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰে। লগতে সিহঁতে জুৱা সম্পৰ্কেও প্ৰশ্ন কৰে, (জুৱা এনেকুৱা প্ৰতিযোগীতা য’ত দুয়ো পক্ষই ধন বিনিয়োগ কৰে)। আপুনি সিহঁতক জনাই দিয়ক যে, এইবোৰ দ্বীনি আৰু দুনিয়াৱী উভয় দিশতে ক্ষতিকৰ। এইবোৰত ধন-সম্পদ আৰু বুদ্ধিমত্তা বিনষ্ট হয়। লগতে সৃষ্টি হয় হিংসা, বিদ্বেষ আৰু শত্ৰুতা। যদিও ইয়াত সামান্য উপকাৰ নথকা নহয়। যেনে- সম্পদ অৰ্জন। কিন্তু ইয়াৰ উপকাৰতকৈ অপকাৰৰ দিশটো বেছি ডাঙৰ আৰু ক্ষতিকৰ। এতেকে য’ত উপকাৰতকৈ অপকাৰ বেছি, বিবেকৱান ব্যক্তিয়ে তেনেকুৱা বস্তু পৰিহাৰ কৰে। আল্লাহৰ এই বৰ্ণনা দৰাচলতে মাদক দ্ৰৱ্য হাৰাম কৰাৰ ভূমিকাহে। তথা হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক প্ৰশ্ন কৰে যে, নিজৰ সম্পত্তিৰ কিমান অংশ স্ব-ইচ্চাই দান কৰিব। আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ প্ৰয়োজনতকৈ অতিৰিক্ত ধনৰ পৰা দান কৰা। (এইটো প্ৰাৰাম্ভিক আদেশ আছিল, পিছত আল্লাহে সম্পত্তি অনুপাতে বিশেষ অংশ যাকাত হিচাপে আদায় কৰিবলৈ অনিবাৰ্য কৰিছে)। এনেকুৱা স্পষ্ট বৰ্ণনাৰ দৰেই আল্লাহে তোমালোকৰ বাবে চৰীয়তৰ আদেশ বৰ্ণনা কৰে যাতে তোমালোকে গৱেষণা কৰা।