হে নবী! মুছা আলাইহিচ ছালামৰ সময়ৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰমূখসকলৰ খবৰ আপোনাৰ ওচৰত আহি পোৱা নাইনে? যেতিয়া সিহঁতে নিজ নবীক কৈছিলঃ আমাৰ বাবে এজন ৰজা পাতি দিয়ক। আমি তেওঁৰ লগত থাকি আল্লাহৰ পথত যুদ্ধ কৰিম। সিহঁতৰ নবীয়ে সিহঁতক কৈছিলঃ ভাৱি চোৱা! আল্লাহে তোমালোকৰ ওপৰত যুদ্ধ অনিবাৰ্য কৰাৰ পিছত যাতে তোমালোকে যুদ্ধৰ পৰা বিৰত নাথাকা। সিহঁতে নবীৰ ধাৰণাক খণ্ডন কৰি কৈছিলঃ “যুদ্ধৰ সকলো উপকৰণ থকাৰ পিছতো আমি কিয় যুদ্ধৰ পৰা বিৰত থাকিম? অথচ শত্ৰুসকলে আমাক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু আমাৰ সন্তানসকলক বন্দী কৰিছে। সেয়ে আমি নিজ দেশত উভতি যোৱাৰ বাবে আৰু কয়েদীসকলক মুক্ত কৰাৰ বাবে সিহঁতৰ লগত যুদ্ধ কৰিম”। কিন্তু আল্লাহে যুদ্ধ ফৰজ কৰি দিয়াৰ পিছত কিছুসংখ্যক লোকৰ বাহিৰে আন সকলোৱে মুখ ঘূৰাই ল’লে আৰু প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গ’ল। অথচ আল্লাহে তেওঁৰ আদেশৰ পৰা মুখ ঘূৰাই লোৱা সকলক তথা আৰু তেওঁৰ প্ৰতিশ্ৰুতি ভঙ্গকাৰী অন্যায়কাৰী সকলক ভালকৈ জানে, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব।