Assamese Abridged Explanation of the Quran
2:247 - 2:247

সিহঁতৰ নবীয়ে সিহঁতক কলেঃ আল্লাহে তালূতক তোমালোকৰ বাবে বাদশ্বাহ নিযুক্ত কৰিছে, যাতে তোমালোকে তেওঁৰ পতাকাৰ তলত যুদ্ধ কৰা। তেতিয়া সিহঁতৰ প্ৰমুখসকলে অভিযোগ কৰি কলেঃ সি আমাৰ বাদশ্বাহ কেনেকৈ হব পাৰে? তাতকৈ আমিহে বাদশ্বাহ হোৱাৰ বেছি উপযুক্ত। তাৰ পুৰ্বপুৰুষৰ কোনেও বাদশ্বাহ নাছিল আনহাতে সি ঐশৰ্যশীলো নহয় যে, নিজৰ সম্পত্তিৰে ৰাজত্বত সহায় কৰিব। সিহঁতৰ নবীয়ে কৈছিলঃ আল্লাহে তেওঁক তোমালোকৰ বাবে নিৰ্বাচন কৰিছে লগতে তেওঁক অধিক জ্ঞান আৰু শাৰীৰিক শক্তি প্ৰদান কৰিছে। দৰাচলতে আল্লাহে তেওঁৰ প্ৰজ্ঞা আৰু কৃপাত যাক ইচ্ছা তাকে ৰাজত্ব প্ৰদান কৰে। আল্লাহ অতি অনুগ্ৰহশীল, যাক ইচ্ছা প্ৰদান কৰে। তথা তেওঁ নিজৰ উপযুক্ত বান্দাসকলৰ বিষয়ে সম্যক অৱগত।