Assamese Abridged Explanation of the Quran
3:96 - 3:96

পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ঘৰ, যিটো সকলো মানুহৰ বাবে আল্লাহৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে আল্লাহৰ সেই সন্মানিত ঘৰ যিটো মক্কাত অৱস্থিত। সেইটো হৈছে বৰকতময় ঘৰ। দ্বীনি আৰু দুনিয়াৱী উপকাৰৰ কেন্দ্ৰবিন্দু। তাত আছে গোটেই মানৱ জাতিৰ বাবে হিদায়ত।