Assamese Abridged Explanation of the Quran
3:97 - 3:97

সেই ঘৰত আছে ইয়াৰ শ্ৰেষ্ঠতা আৰু উত্কৃষ্টতাৰ কিছুমান স্পষ্ট নিদৰ্শন। যেনে- হজ্জৰ কাৰ্যসমূহ আৰু ইয়াৰ নিৰ্ধাৰিত স্থান। এই নিদৰ্শনসমূহৰ মাজত আছে এনেকুৱা এটা শিল, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। আৰু এটা নিদৰ্শন এই যে, যিয়ে ইয়াত প্ৰৱেশ কৰিব তাৰ ভয়-ভীতি আঁতৰ হ’ব আৰু কোনো কষ্টই তাক স্পৰ্শ নকৰিব। আল্লাহৰ উদ্দেশ্যে হজ্জৰ আৰ্কান আদায় কৰিবলৈ এই ঘৰত যোৱা মানুহৰ বাবে ওৱাজিব। এই আদেশ সেইসকল লোকৰ বাবে যিসকলৰ তাত যোৱাৰ সামৰ্থ আছে। এতেকে যিয়ে ফৰজ হজ্জ অস্বীকাৰ কৰিব তেন্তে জানি থোৱা, আল্লাহ এনেকুৱা কাফিৰৰ পৰা আৰু বিশ্বজগতৰ সকলোৰে পৰা অমুখাপেক্ষী।