Assamese Abridged Explanation of the Quran
3:102 - 3:102

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজ প্ৰতিপালকক তেনেকৈ ভয় কৰা, যিদৰে তেওঁক ভয় কৰা উচিত। ইয়াৰ বাবে তোমালোকে তেওঁৰ আদেশসমূহ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকাৰ লগতে, তেওঁৰ অনুগ্ৰহমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। আৰু দ্বীন ইছলামক মৃত্যু নহা লৈকে মজবুত ভাৱে খামুচি ধৰা।