Assamese Abridged Explanation of the Quran
3:167 - 3:167

যাতে মুনাফিকসকল চিহ্নিত হয়, যেতিয়া সিহঁতক কোৱা হৈছিল, আল্লাহৰ পথত যুদ্ধ কৰা অথবা মুছলিমসকলৰ সংখ্যাবল বৃদ্ধি কৰি আত্মৰক্ষা কৰা। তেতিয়া সিহঁতে উত্তৰ দিছিলঃ “যদি আমি জানিলোহেঁতেন যে, যুদ্ধ হ'ব তেন্তে আমি নিশ্চয় তোমালোকৰ লগত থাকিলোহেঁতেন, কিন্তু আমি দেখিলোঁ যে, তোমালোকৰ আৰু সিহঁতৰ মাজত যুদ্ধ হোৱাৰ কোনো সম্ভৱনা নাই”। সিহঁত সেই সময়ত ঈমানৰ তুলনাত কুফৰৰ বেছি নিকটৱৰ্তী আছিল। সিহঁতে নিজ মুখেৰে এনেকুৱা কথা কৈছিল, যিটো সিহঁতৰ অন্তৰত নাছিল। নিশ্চয় আল্লাহে অন্তৰৰ গোপন কথাবোৰ জানে, আৰু অনতিপলমে তেওঁ সিহঁতক ইয়াৰ শাস্তিও প্ৰদান কৰিব।