Assamese Abridged Explanation of the Quran
3:170 - 3:170

তেওঁলোকৰ ওপৰত সূখৰ ছাঁ আৰু আনন্দৰ পৰিবেষ্টন আছে। কিয়নো আল্লাহে তেওঁলোকক অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁলোকে এই আশা আৰু প্ৰতীক্ষা আছে যে, তেওঁলোকৰ আন আন ভাতৃসকল, যিসকল পৃথিৱীত আছে তেওঁলোকৰ লগত মিলিত হব। এইসকল লোকেও যদি তেওঁলোকৰ দৰে আল্লাহৰ পথত শ্বহীদ হয় তেন্তে এওঁলোকেও তেওঁলোকৰ দৰেই আল্লাহৰ অনুগ্ৰহপ্ৰাপ্ত হব। আখিৰাতৰ বিষয় সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীৰ প্ৰতিও কোনো চিন্তা নাথাকিব।