Assamese Abridged Explanation of the Quran
5:2 - 5:2

হে ঈমান্দাৰসকল! আল্লাহে যিবোৰ বস্তুক সন্মান প্ৰদান কৰিছে, আৰু সন্মান কৰাৰ আদেশ দিছে, সেইবোৰৰ অনাদৰ নকৰিবা। আৰু ইহৰাম অৱস্থাত যিবোৰ বস্তু অবৈধ, সেইবোৰৰ পৰা বিৰত থাকা, যেনে চিলাই কৰা কাপোৰ পৰিধান কৰা। হৰমত (কাবা ঘৰৰ আশে পাশে থকা স্থানত) যিবোৰ কাম কৰা অবৈধ (যেনে- চিকাৰ কৰা) তেনে কৰ্মৰ পৰা দূৰৈত থাকিবা। সন্মানিত মাহবোৰত (যেনে- জুল-কাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত) যুদ্ধ কৰা বৈধ বুলি নাভাবিবা। যিবোৰ জন্তু আল্লাহৰ ওৱাস্তে জবেহ কৰাৰ বাবে হৰমলৈ প্ৰেৰণ কৰা হয়, সেইবোৰক যাবলৈ বাধা প্ৰদান কৰি অথবা লুন্ঠণ কৰি সেইবোৰক অনাদৰ নকৰিবা। লগতে সেইবোৰ জন্তুকো অপমান নকৰিবা যিবোৰক হজ্জত কুৰবানী কৰাৰ বাবে প্ৰতীক হিচাপে ডিঙিত মালা পিন্ধাই দিয়া হৈছে। সেইসকল লোককো ক্ষতি নকৰিবা যিসকলে আল্লাহৰ সন্তুষ্টি তথা ব্যৱসায়-বাণিজ্যত লাভ কৰাৰ উদ্দেশ্যে কাবা ঘৰলৈ আহিছে। আৰু যেতিয়া তোমালোকে হজ্জ তথা উমৰাৰ কাম সম্পন্ন কৰি ইহৰাম খুলি পেলোৱা আৰু হৰমৰ পৰা ওলাই যোৱা, তেতিয়া ইচ্ছা কৰিলে চিকাৰ কৰিব পাৰা। যদি তোমালোকক কোনোবাই সন্মানিত মছজিদলৈ যাওঁতে বাধা প্ৰদান কৰে, তেন্তে সিহঁতৰ লগত শত্ৰুতা থকাৰ কাৰণে সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ নকৰিবা। হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবা। লগতে পাপকাম তথা গুনাহৰ ক্ষেত্ৰত কাকো সহায় নকৰিবা আৰু কোনো মানুহৰ ধন-সম্পত্তি, ৰক্ত আৰু সন্মানৰ ক্ষেত্ৰত শত্ৰুতা পোষণ কৰাত কেতিয়াও কাকো সহযোগিতা নকৰিবা। তথা আল্লাহৰ আদেশ পৰিপূৰ্ণৰূপে পালন কৰি আৰু তেওঁৰ অবাধ্যতাৰ পৰা দূৰৈত থাকি তেওঁক ভয় কৰা। নিশ্চয় আল্লাহে অবাধ্যতাকাৰী সকলক অতি কষ্টদায়ক শাস্তি প্ৰদান কৰিব, সেয়ে তেওঁৰ শাস্তিৰ পৰা সাৱধান থাকিবা।