ইয়াহুদী আৰু নাচাৰাসকলে দাবী কৰে যে, সিহঁতে আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ। হে ৰাছুল! আপুনি সিহঁতৰ এই দাবী খণ্ডন কৰি কৈ দিয়কঃ তেনেহলে তেওঁ তোমালোকক তোমালোকৰ গুনাহৰ শাস্তি কিয় দিয়ে। তোমালোকৰ দাবী অনুসাৰে যদি সঁচাকৈয়ে তোমালোক আল্লাহৰ প্ৰিয়পাত্ৰ তেন্তে তেওঁ তোমালোকক পৃথিৱীত হত্যা তথা মুখমণ্ডল বিকৃত কৰাৰ দৰে শাস্তি আৰু আখিৰাতত জাহান্নামৰ শাস্তি নিদিলিহেঁতেন। কিয়নো তেওঁ নিজৰ প্ৰিয়পাত্ৰসকলক শাস্তি নিদিয়ে। প্ৰকৃততে তোমালোকেও আন আন মানুহৰ দৰেই মানুহ। যিয়ে ভাল কৰ্ম কৰিব, সি জান্নাত পাব। আৰু যিয়ে বেয়া কৰ্ম কৰিব, সি পাব জাহান্নাম। আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে ন্যায়ৰ জৰিয়তে শাস্তি দিয়ে। আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মাজৰ সকলো তেওঁৰেই অধীন। আৰু তেওঁৰ ফালেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব।