আপুনি এইটো নাভাবিব যে, আপুনি যি লৈ আহিছে কেৱল সেইটোকেই মিছা প্ৰতিপন্ন কৰা হৈছে, বৰং আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক মিছা প্ৰতিপন্ন কৰা হৈছিল তথা তেওঁলোকৰ সম্প্ৰদায়ৰ ফালৰ পৰাও নিৰ্যাতন কৰা হৈছিল, তথাপিও তেওঁলোকে আল্লাহৰ পিনে আহ্বান কৰা কাৰ্যত আৰু তেওঁৰ পথত জিহাদ কৰা কাৰ্যত অটল আছিল। অৱশেষত তেওঁলোকৰ ওচৰত আল্লাহৰ সহায় আহি পাইছিল। আল্লাহে ৰাছুলসকলৰ বাবে যি সহায় ধাৰ্য কৰিছে আৰু ৰাছুলসকলক যি প্ৰতিশ্ৰুতি দিছে, সেইটোক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ ওচৰত পূৰ্বৱৰ্তী ৰাছুলসকলৰ সংবাদ আহি পৰিছে যে, তেওঁলোকক তেওঁলোকৰ জাতিয়ে কি ধৰণে নিৰ্যাতন কৰিছিল আৰু আল্লাহে কিদৰে তেওঁলোকক সহায় কৰিছিল তথা কিদৰে তেওঁলোকৰ শত্ৰুক দমন কৰিছিল।