হে মুহাম্মদ! আপুনি কৈ দিয়ক যে, মই নিজৰ বাবে কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰো লগতে নিজকে কোনো অকল্যাণৰ পৰা ৰক্ষাও কৰিব নোৱাৰো। কিন্তু আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এই কাম কেৱল আল্লাহৰ। মই কেৱল সেইখিনিয়ে জানো যিখিনি আল্লাহে মোক শিকাইছে। এতেকে মই গায়েব (অদৃশ্য) সম্পৰ্কে একো নাজানো। যদি গায়েব সম্পৰ্কে জানিলোহেঁতেন তেন্তে সকলো বিষয়ৰ পৰিণাম সম্পৰ্কে অৱগত হোৱা হেতুকে প্ৰত্যেক সেই কাম কৰিলোহেঁতেন যিটো মোৰ বাবে উপকাৰী আৰু প্ৰত্যেক অকল্যাণৰ পৰা ৰক্ষাকাৰী। মই কেৱল আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। তেওঁৰ কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাওঁ। লগতে সেইসকল লোকক মহাপ্ৰতিফলৰ শুভসংবাদ দিওঁ যিসকলে বিশ্বাস কৰে যে, মই আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, আৰু মই লৈ অহা চৰীয়তক মনে প্ৰাণে মানি লৈছে।