হে মুনাফিকসকল! কুফৰ আৰু উপহাসৰ ক্ষেত্ৰত তোমালোক সেইসকল মিছলীয়া সম্প্ৰদায়ৰ দৰে যিসকল তোমালোকৰ পূৰ্বে অতিবাহিত হৈছে। সিহঁত শক্তি সামৰ্থত তোমালোকতকৈও শক্তিশালী আছিল, লগতে ধন-সম্পদ আৰু সন্তান-সন্ততিও তোমালোকতকৈ বেছি আছিল। এতেকে সিহঁতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাৰ যি অংশ পাবলগীয়া আছিল সেয়া সিহঁতে উপভোগ কৰিছে। হে মুনাফিকসকল! সেইদৰে তোমালোকেও নিজৰ নিৰ্ধাৰিত অংশৰ সুখ সুবিধা উপভোগ কৰিছা। তোমালোকেও সিহঁতৰ দৰেই সত্যক প্ৰত্যাখ্যান কৰিছা আৰু ৰাছুলৰ প্ৰতি অপবাদ দিছা, যিদৰে সিহঁতে সত্য প্ৰত্যাখ্যান কৰিছিল আৰু সিহঁতৰ ৰাছুলসকলক অপবাদ দিছিল। এইবোৰ বেয়া বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰেই আমলসমূহ অথলে গৈছে, কাৰণ সিহঁত আল্লাহৰ লগত কুফৰী কৰিছে। ইহঁতেই প্ৰকৃত ক্ষতিগ্ৰস্ত, যিসকলে নিজক ধ্বংসাত্মক দিশত আগুৱাই লৈ গৈ ধ্বংসপ্ৰাপ্ত হৈছে।