Assamese Abridged Explanation of the Quran
9:81 - 9:81

তাবুক যুদ্ধত অংশগ্ৰহণ নকৰা মুনাফিকসকল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি, আল্লাহৰ পথত জিহাদ নকৰাৰ নিজৰ সিদ্ধান্তৰ প্ৰতি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। তথা সিহঁতে মুমিনসকলৰ নিচিনা নিজৰ ধন-সম্পত্তি আৰু প্ৰাণৰ সৈতে জিহাদ কৰাক অপছন্দ কৰিলে, লগতে নিজৰ মুনাফিক ভাতৃসকলকো যুদ্ধৰ পৰা বাধা প্ৰদান কৰি ক'লেঃ ইমান গৰমত তোমালোকে নাযাবা। কাৰণ তাবুক যুদ্ধ প্ৰখৰ গৰমৰ দিনত সংঘটিত হৈছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, জাহান্নামৰ জুই যিটো মুনাফিকসকলৰ অপেক্ষাত আছে, সেই জুই এই গৰমতকৈ অধিক গৰম, যি গৰমক সিহঁতে ভয় কৰি আছে। যদি সিহঁত জানিলেহেঁতেন।