নিশ্চয় আমি মূছাক নবী হিচাপে প্ৰেৰণ কৰিছিলো, লগতে তেওঁক স্পষ্ট নিদৰ্শনৰ জৰিয়তে তেওঁৰ সত্যতাক সমৰ্থন কৰিছিলো আৰু তেওঁ যে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল তাৰ প্ৰমাণ দাঙি ধৰিছিলো। আৰু তেওঁক আদেশ প্ৰদান কৰিছিলো, তেওঁ যেন নিজ সম্প্ৰদায়ক কুফুৰী আৰু অজ্ঞানতাৰ পৰা ঈমান আৰু জ্ঞানৰ পিনে উলিয়াই আনে। লগতে তেওঁ যেন তেওঁলোকক আল্লাহৰ অনুগ্ৰহৰ দিনবোৰ স্মৰণ কৰাই দিয়ে। নিশ্চয় সেই দিনবোৰত আছে আল্লাহৰ তাওহীদ আৰু তেওঁৰ অসীম ক্ষমতাৰ প্ৰমাণ, লগতে মুমিনসকলৰ ওপৰত অনুগ্ৰহ কৰাৰ স্পষ্ট প্ৰমাণ আছে। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই লাভান্বিত হয়, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য ধাৰণ কৰে, লগতে যিসকলে তেওঁৰ নিয়ামত আৰু পুৰষ্কাৰৰ প্ৰতি সদায় কৃতজ্ঞতা জ্ঞাপন কৰে।