Assamese Abridged Explanation of the Quran
14:11 - 14:11

সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ হয়, আমি তোমালোকৰ দৰেই একো একোজন মানুহ। এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু এই সামঞ্জস্যতাই প্ৰমাণ নকৰে যে আমি সকলো ক্ষেত্ৰতেই তোমালোকৰ সমান। কিয়নো আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে বিশেষ অনুগ্ৰহৰ দ্বাৰা বিভূষিত কৰে। আৰু তেওঁলোকক নিৰ্বাচিত কৰি মানুহৰ ফালে ৰাছুল হিচাপে প্ৰেৰিত কৰে। এতেকে আমাৰ বাবে এয়া সম্ভৱ নহয় যে আল্লাহৰ অনুমতি নোহোৱাকৈ আমি তোমালোকৰ প্ৰস্তাৱিত নিদৰ্শন লৈ আহিম। কাৰণ নিদৰ্শন লৈ অহা আমাৰ সাধ্যাতীত। বৰং এই ক্ষেত্ৰত একমাত্ৰ আল্লাহেই ক্ষমতাৱান। মুমিনসকলে তেওঁলোকৰ সকলো কৰ্মতে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰে।