Assamese Abridged Explanation of the Quran
14:26 - 14:26

নিকৃষ্ট শ্বিৰ্কীয়া কলিমাৰ উদাহৰণ হৈছে, বেয়া গছৰ দৰে। যেনে- তিতা তৰমুজ গছ, যি গছৰ শিপা উঘালি পেলোৱা হৈছে, ফলত তাৰ মাটিত প্ৰতিষ্ঠিত থকাৰ কোনো সুবিধা নাই, আনকি তাৰ ঠাল-ঠেঙুলি আকাশৰ পিনে উঠাৰো কোনো প্ৰশ্ন নাহে। অৱশেষত সেই গছ মৰি যায় আৰু বতাহে তাক উৰুৱাই লৈ ফুৰে। এতেকে কুফুৰী কথাৰ পৰিণাম হৈছে বিনাশ। আৰু কুফুৰী কাৰ্যত লিপ্ত থকা ব্যক্তিৰ কোনো নেক আমলেই আল্লাহৰ পিনে গতি নকৰে।