Assamese Abridged Explanation of the Quran
14:39 - 14:39

সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ নেক সন্তান প্ৰাপ্তিৰ বাবে কৰা প্ৰাৰ্থনা কবূল কৰিছে। বৃদ্ধ বয়সতো তেওঁ মোক হাজিৰাৰ পৰা ইছমাঈল আৰু ছাৰাৰ পৰা ইছহাকৰ দৰে পুত্ৰ প্ৰদান কৰিছে। নিশ্চয় মোৰ পৱিত্ৰ প্ৰতিপালকে প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰে।