Assamese Abridged Explanation of the Quran
16:41 - 16:41

যিসকল লোকে কাফিৰসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, নিজৰ ঘৰ-দুৱাৰ, পৰিয়াল আৰু সা-সম্পত্তি পৰিত্যাগ কৰি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কুফৰীৰ দেশৰ পৰা ইছলামী দেশলৈ হিজৰত কৰিছে, আমি সেইসকল লোকক পৃথিৱীত এনেকুৱা বাসস্থান দান কৰিম, য’ত তেওঁলোকৰ প্ৰভুত্ব থাকিব, আনহাতে আখিৰাতৰ প্ৰতিদান ইয়াতকৈও ডাঙৰ, কাৰণ তাত থাকিব জান্নাত। হিজৰত নকৰা লোকসকলে যদি হিজৰতৰ মহত্ব বুজি পালেহেঁতেন তেন্তে কেতিয়াও তেওঁলোক হিজৰতৰ পৰা পিছুৱাই নাথাকিলেহেঁতেন।