Assamese Abridged Explanation of the Quran
16:74 - 16:74

এতেকে হে মানৱজাতি! তোমালোকে এই মূৰ্তিবোৰক আল্লাহৰ সমকক্ষ স্থিৰ নকৰিবা। যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আল্লাহৰ ইবাদতত অংশী হ'ব পৰা কোনো নাই। নিশ্চয় আল্লাহে জানে, তেওঁৰ মাজত কি কি প্ৰতাপ আৰু পৰিপূৰ্ণতাৰ বৈশিষ্ট্য আছে, যিবোৰ তোমালোকে নাজানা। সেই কাৰণেই তোমালোকে তেওঁৰ লগত অংশী স্থাপন কৰাৰ সাহস কৰা, আৰু তোমালোকৰ মূৰ্তিবোৰক তেওঁৰ সমকক্ষ বুলি দাবী কৰা।