Assamese Abridged Explanation of the Quran
16:89 - 16:89

হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।