Assamese Abridged Explanation of the Quran
16:105 - 16:105

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ যি লৈ আহিছে সেই সম্পৰ্কে তেওঁ মিছলীয়া নহয়। মিছলীয়া হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ আয়াতসমূহক সত্য বুলি নামানে। কিয়নো সিহঁতে শাস্তিকো ভয় নকৰে আৰু প্ৰতিদানো আশা নকৰে। কুফৰীৰ পথত পৰিচালিত এইসকল লোকেই হৈছে মিছলীয়া। কিয়নো মিছা কথা কোৱা সিহঁতৰ অভ্যাসত পৰিণত হৈছে, যিটো সিহঁতৰ শিৰাই শিৰাই সোমাই আছে।