Assamese Abridged Explanation of the Quran
16:115 - 16:115

আল্লাহে যিবোৰ খোৱা বস্তু হাৰাম কৰিছে, সেইবোৰ হৈছেঃ এনেকুৱা জন্তু যিটো জবেহ নকৰাকৈ মৃত্যুবৰণ কৰিছে, প্ৰবাহিত তেজ, গাহৰিৰ প্ৰতিটো অংগ, লগতে এনেকুৱা জন্তু যিটোক আল্লাহৰ বাহিৰে আনৰ সন্তুষ্টিৰ বাবে জবেহ কৰা হৈছে। এই অবৈধতা সেই সময়ৰ বাবে প্ৰযোজ্য যেতিয়া মানুহে স্বেচ্ছাই ভক্ষণ কৰে। আনহাতে যদি কোনোবা ব্যক্তিয়ে উক্ত বস্তুবোৰ খাবলৈ বাধ্য হয়, ফলত প্ৰাণ ৰক্ষা কৰিবলৈ যদি অকণমান ভক্ষণ কৰে তেন্তে তাৰ কোনো গুনাহ নহ'ব। কিন্তু চৰ্ত হ'ল, সেই ব্যক্তিৰ অন্তৰ যাতে সেই বস্তুৰ পিনে আকৰ্ষিত নহয়, লগতে প্ৰয়োজনতকৈ বেছি যাতে ভক্ষণ নকৰে। নিশ্চয় আল্লাহ ক্ষমাশীল, সি যি ভক্ষণ কৰিছে সেয়া তেওঁ ক্ষমা কৰি দিব। তেওঁ বৰ দয়ালু, সেইকাৰণেই তেওঁ পৰিস্থিতিৰ সন্মুখত বাধ্য হ'লে উক্ত বস্তুবোৰ খোৱাৰ অনুমতি দিছে।