Assamese Abridged Explanation of the Quran
17:16 - 17:16

যেতিয়া আমি কোনো জনবসতিক সিহঁতৰ অত্যাচাৰৰ কাৰণে বিনাশ কৰিব বিচাৰো, তেতিয়া আমি সিহঁতক ইবাদতৰ আদেশ দিওঁ, যিসকলক বিভিন্ন নিয়ামতে অংকাৰী কৰি তুলিছে। ফলত সিহঁতে আদেশ পালন কৰাৰ পৰিবৰ্তে অবাধ্যতা কৰি সীমালংঘন কৰিবলৈ ধৰে। যাৰ ফলত সিহঁত শাস্তিৰ সন্মুখীন হয়, আৰু আমিও সিহঁতক পৰিপূৰ্ণ ধ্বংস কৰি দিওঁ।