Assamese Abridged Explanation of the Quran
17:76 - 17:76

অৱশ্যে কাফিৰসকলে আপোনাক সিহঁতৰ শত্ৰুতাৰে দ্বাৰা বিৰক্ত কৰিবলৈ ধৰিছিল। যাতে আপোনাক মক্কাৰ পৰা বহিষ্কাৰ কৰিব পাৰে। কিন্তু আপোনাক বহিষ্কাৰ কৰাৰ পৰা আল্লাহে সিহঁতক প্ৰতিৰোধ কৰিছিল। অৱশেষত আপুনি নিজ প্ৰতিপালকৰ আদেশত হিজৰত কৰিলে। যদি সিহঁতে আপোনাক বহিষ্কাৰ কৰিলেহেঁতেন, তেন্তে সিহঁতে তাত বেছি দিন টিকিব নোৱাৰিলেহেঁতেন।