Assamese Abridged Explanation of the Quran
17:79 - 17:79

হে ৰাছুল! আপুনি ৰাতিৰ এটা অংশত উঠি ছালাত আদায় কৰক। যাতে এই ছালাতে আপোনাৰ মৰ্যাদা অধিক বৃদ্ধি কৰে। এই সংকল্প থকা উচিত যে, আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সেই দিৱসৰ ভয়ৱহতাৰ পৰা মানুহক মুক্তি প্ৰদান কৰিবলৈ আপোনাক যাতে মধ্যস্তাকাৰী বনায়, লগতে আপোনাক যাতে ছোপাৰিচৰ সেই মহান স্থান প্ৰদান কৰে, যাৰ প্ৰশংসা পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোকে কৰে।