Assamese Abridged Explanation of the Quran
17:110 - 17:110

হে ৰাছুল! ইয়া আল্লাহ আৰু ইয়া ৰাহমান বুলি কোৱাত যিয়ে আপোনাক অপছন্দ কৰিছে, তাক আপুনি কৈ দিয়কঃ আল্লাহ আৰু ৰহমান দুয়োটা তেওঁৰেই নাম। তেওঁ পৱিত্ৰ। তোমালোকে এই দুটাৰ যিকোনো এটা অথবা ইয়াৰ বাহিৰে তেওঁৰ যিবোৰ নাম আছে সেইবোৰৰ জৰিয়তে তেওঁক আহ্বান কৰা, তেওঁৰ সকলো নাম অতি সুন্দৰ। এই দুটাও সেই সুন্দৰ নামৰেই অন্তৰ্ভুক্ত। (হে ৰাছুল!) আপুনি ছালাতত ইমান উচ্চস্বৰে তিলাৱত নকৰিব যাতে মুশ্বৰিকসকলে শুনা পায়, আনহাতে ইমান নিম্নস্বৰেও তিলাৱত নকৰিব যাতে মুমিনসকলেও শুনা নাপায়, বৰং এই দুটাৰ মধ্যৱৰ্তী কোনো উপায় অৱলম্বন কৰক।