Assamese Abridged Explanation of the Quran
18:57 - 18:57

সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তিক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কুফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকুৱা স্বভাৱৰ লোকৰ অন্তৰত আমি পৰ্দা আঁৰি দিছো, ফলত সিহঁতে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিছো, ফলত সিহঁতে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁতক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁতে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁতৰ অন্তৰত পৰ্দা থাকিব আৰু সিহঁতৰ কাণত গধূৰতা থাকিব।