Assamese Abridged Explanation of the Quran
20:80 - 20:80

আমি বনী ইছৰাঈলক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ পিচত ক'লোঃ হে বনী ইছৰাঈল! আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিছোঁ। তথা তুৰ পৰ্বতৰ কাষত অৱস্থিত উপত্যকাৰ সোঁফালে মূছাৰ লগত কথাপোকথন কৰিম বুলি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। লগতে তীহৰ ময়দানত আমি আমাৰ নিয়ামতৰ পৰা তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ মৌৰ দৰে মিঠা পানীয় আৰু বটা চৰাইৰ দৰে সৰু চৰাইৰ পৱিত্ৰ মাংস।