Assamese Abridged Explanation of the Quran
20:116 - 20:116

তথা হে ৰাছুল! আপুনি স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঃ আদমক আদৰণি জনাবলৈ ছাজদাহ কৰা, এতেকে সকলোৱে ছাজদাহ কৰিলে কিন্তু ইবলিছে নকৰিলে (সি দৰাচলতে ফিৰিস্তাসকলৰ লগত আছিল কিন্তু ফিৰিস্তা নাছিল।) সি অহংকাৰ তথা অভিমান দেখুৱাই ছাজদাহ কৰাৰ পৰা বিৰত আছিল।