Assamese Abridged Explanation of the Quran
20:131 - 20:131

আপুনি পাৰ্থিৱ জীৱনৰ সেই শোভাৰ প্ৰতি অপেক্ষা কৰি নাথাকিব, যিটো আমি অস্বীকাৰকাৰী সকলক আনন্দৰ উপকৰণ কৰি দিছোঁ, আৰু যিটো সিহঁতে উপভোগ কৰি আছে, যাতে সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। কিয়নো আমি এই ধৰণৰ যিবোৰ বস্তু সিহঁতক প্ৰদান কৰিছোঁ, সেই সকলোবোৰ হৈছে ধ্বংসশীল। আনহাতে আপোনাৰ প্ৰতিপালকৰ চোৱাব হৈছে স্থায়ী তথা নিৰবিচ্ছিন্ন, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব আৰু সেই প্ৰতিফল পাৰ্থিৱ জীৱনৰ এই উপভোগতকৈ অধিক কল্যাণকৰ, কিয়নো পাৰ্থিৱ জীৱনৰ উপভোগ হৈছে ক্ষণস্থায়ী।