Assamese Abridged Explanation of the Quran
20:133 - 20:133

অস্বীকাৰকাৰী এই কাফিৰসকলে কয়ঃ মুহাম্মদে তেওঁৰ প্ৰতিপালকৰ ফালৰ পৰা আমাৰ ওচৰলৈ এনেকুৱা কোনো নিদৰ্শন কিয় লৈ নাহে যিটো তেওঁৰ সত্যতাৰ প্ৰতীক হ'ব তথা তেওঁ ৰাছুল হোৱাৰ প্ৰমাণবহন কৰিব? এই অস্বীকাৰকাৰী সকলৰ ওচৰত কোৰআন অহা নাই নেকি, যিখনে পূৰ্বৱৰ্তী সকলো আচমানী গ্ৰন্থক সমৰ্থন কৰে?