Assamese Abridged Explanation of the Quran
20:134 - 20:134

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই কাফিৰসকলক সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে ৰাছুল প্ৰেৰণ কৰাৰ পূৰ্বেই যদি আমি সিহঁতৰ প্ৰতি আজাব অৱতীৰ্ণ কৰি শাস্তি বিহিলোহেঁতেন তেন্তে সিহঁতে কিয়ামতৰ দিনা নিজৰ কুফুৰীৰ বাবে অজুহাত দেখুৱাই ক'লেহেঁতেনঃ হে আমাৰ প্ৰতিপালক! তুমি পৃথিৱীত আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ নকৰিলা, তেন্তে আমি অপমানিত তথা তোমাৰ শাস্তিৰ সন্মুখীন হোৱাৰ পূৰ্বেই তেওঁৰ প্ৰতি ঈমান আনিলোহেঁতেন আৰু তেওঁ লৈ অহা আয়াতসমূহৰ অনুসৰণ কৰিলোহেঁতেন?