Assamese Abridged Explanation of the Quran
22:3 - 22:3

কিছুমান মানুহ এনেকুৱাও আছে, যিসকলে মৃত ব্যক্তিক জীৱিত কৰা সম্পৰ্কীয় আল্লাহৰ ক্ষমতাৰ বিষয়ে বাদানুবাদ কৰে, যদিও এই সম্পৰ্কে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই, যাৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰিব। সিহঁতে নিজৰ আস্থা, আৰু দাবীৰ ক্ষেত্ৰত এনেকুৱা চয়তান আৰু পথভ্ৰষ্ট লোকৰ অনুসৰণ কৰে, যিসকল নিজেই প্ৰতিপালকৰ বিদ্ৰোহী।