Assamese Abridged Explanation of the Quran
22:9 - 22:9

এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে অহংকাৰত ঘাৰ ঘূৰায়। যাতে মানুহক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম।