নিশ্চয় যিসকল লোকে এই অপবাদ ৰচনা কৰিছে (অৰ্থাৎ উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওপৰত ব্যাভিচাৰৰ আৰোপ লগাইছে), সিহঁত দৰাচলতে হে মুমিনসকল তোমালোকৰ মাজৰেই এটা দল। সিহঁতে যিটো মিছা অপবাদ ৰচনা কৰিছে, সেইটোক তোমালোকে নিজৰ বাবে অকল্যাণ বুলি নাভাৱিবা। বৰং সেইটো তোমালোকৰ বাবে একপ্ৰকাৰ কল্যাণকৰ। কাৰণ তাত মুমিনসকলৰ বাবে ছোৱাব আছে আৰু তেওঁলোকৰ সত্যতা নিৰূপণ কৰা হৈছে, লগতে উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক এনেকুৱা ধৰণৰ নিকৃষ্ট কামৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে। এই অশ্লীল অপবাদ বিয়পোৱাত যিয়েই অংশ লৈছে, সি সেই অনুপাতেই গুনাহ অৰ্জন কৰিব। আনহাতে যিয়ে এই ষড়যন্ত্ৰ ৰচনা কৰি জুই জ্বলোৱাত আগভাগ লৈছে, তাৰ বাবে আছে মহাশাস্তি। ইয়াৰ দ্বাৰা মুনাফিকসকলৰ প্ৰমুখ নেতা আব্দুল্লাহ বিন উবাই বিন ছলুলক বুজোৱা হৈছে।