Assamese Abridged Explanation of the Quran
24:35 - 24:35

আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ, তথা উভয়ৰ মাজত থকা সকলোৰে পথপ্ৰদৰ্শক। মুমিনৰ অন্তৰত আল্লাহৰ নূৰৰ উপমা হৈছে এনেকুৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতুন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয়, পুৱাৰ ভাগতো নহয় আবেলিও নহয়। সেই তেল ইমান পৰিস্কাৰ যে, জুই নোহোৱাকৈ যেনিবা পোহৰ বিয়পায়। তেন্তে ভাৱি চোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্তৰৰ পৰিৱেশ, যেতিয়া তাত হিদায়তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয়তে বিষয়বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, একোৱেই তেওঁৰ পৰা গোপন নহয়।