Assamese Abridged Explanation of the Quran
29:53 - 29:53

হে ৰাছুল! আপুনি মুশ্বৰিকসকলক যি শাস্তিৰ পৰা সতৰ্ক কৰিছে, সিহঁতে সেই শাস্তিক দ্ৰুত বিচাৰি আছে। আল্লাহে সিহঁতৰ শাস্তিৰ বাবে যদি সময় নিৰ্ধাৰণ কৰি নাৰাখিলেহেঁতেন –যিটো সময় আগুৱাইও আহিব নোৱাৰে আৰু পিছুৱাইও যাব নোৱাৰে- তেন্তে সিহঁতে বিচৰা শাস্তিটো নিশ্চয় আহি পৰিলহেঁতেন। নিশ্চয় সেই শাস্তি আকস্মিক আহি পৰিব, সেই শাস্তি অহাৰ সিহঁতে উমানো নাপাব।