হে মুশ্বৰিকসকল! আল্লাহে তোমালোকৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে, যিটো তোমালোকৰ পৰাই লোৱা হৈছে। কোৱাচোন, তোমালোকৰ দাস-দাসীৰ মাজৰ তথা তোমালোকৰ অধীনস্থ ব্যক্তিসকলৰ মাজৰ কোনোবাই তোমালোকৰ অংশীদাৰ আছে নেকি, যিজন তোমালোকৰ ধন-সম্পত্তিত সমানভাৱে অংশীদাৰ? নিশ্চয় তোমালোকে সিহঁতৰ ক্ষেত্ৰতো তেনেকৈয়ে ভয় কৰা, যিদৰে তোমালোকে ধন-সম্পত্তিৰ ভাগত স্বাধীন ব্যক্তিৰ অংশীদাৰিত্বক ভয় কৰা। তোমালোকে নিজৰ বাবে দাস-দাসীৰ এই অংশীদাৰিত্বক পছন্দ কৰিবানে? নিঃসন্দেহে তোমালোকে এইটো অপছন্দ কৰিবা। এতেকে আল্লাহৰ দাস আৰু তেওঁৰ সৃষ্টিক তেওঁৰ ৰাজত্বত অংশীদাৰ কৰাটো তুলনামূলকভাৱে আৰু অধিক সমীচীন নহয়। এনেকুৱা উদাহৰণ উপস্থাপন কৰি আমি বিভিন্ন প্ৰকাৰৰ দলিল-প্ৰমাণ দাঙি ধৰোঁ, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।